অসমবাসীৰ অভিমান শতবৰ্ষ গৰকা মাধুৰী আঁহতৰ তলৰ মুকলি বিহুমেলা

“বিহুৰে বিৰিণা পাতে সমনীয়া

বিহুৰে বিৰিণা পাত…

বিহু থাকে মানে বিহুকে বিনাবা

বিহু গলে বিনাবা কাক …..”

অসমৰ জাতীয় উৎসৱ বিহুক এতিয়া আৰু হয়তো কোনো নতুন পৰিচয়ৰ প্ৰয়োজন নাই। কিয়নো অসমৰ বিহুই ১১০০০ৰো অধিক নৃত্যশিল্পী আৰু ঢোলবাদকে একে ঠাইতে ‘ঢোল’ বজাই ২০২৩ চনত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ গঢ়িছিল।

অসমত বʼহাগ বিহুৰ সময়ত মঞ্চ বিহু চাবলৈ আজিকালি বহু পৰ্যটকক আকৰ্ষিত হৈছে। আজিৰ মঞ্চ বিহুৰ শিপা কিন্তু তাহানিৰ পথাৰৰ বিহুৰ মাজতেই আছে আৰু ইয়াৰ এক প্ৰমাণ হৈছে ২০২৫ ত ১০৭ বছৰত ভৰি থোৱা মাধুৰী আঁহতৰ তলৰ বিহু । ১৯৭৫ চনৰ পৰা উক্ত বিহুক “সদৌ চতিয়া সাৰ্ব্বজনীন মাধুৰী আঁহতৰ তলৰ বিহুমেলা” নামেৰে জনাজাত হয়।

উজনি পুখুৰীৰ কাষৰ পথাৰখনত থকা আঁহতজোপাৰ তলত ১৯১৮ চনত মহিলাসকলে সংগঠিত হৈ লুকাই বিহু অনুষ্ঠিত কৰিছিল, যিখন প্ৰজাঘৰীয়া পতা প্ৰথম মুকলি বিহু আছিল। সময়ৰ লগে-লগে লʼৰাসকলেও ঢোল আৰু পেঁপাসহ এই গোপন বিহুলৈ আহি অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু যৌৱনৰ উন্মাদনাত সংযম হেৰুৱাই লʼৰাই সেই মুকলি বিহুৰ পৰা গাভৰু পলুৱাই নিয়াৰ ফলত ৭/৪/১৯২৪ অনুষ্ঠিত এক ৰায়ত সভাৰ সিন্ধান্ত মৰ্মে এই মুকলি বিহুৰ আয়োজন বাতিল কৰা হয়।

১৯৩৩ চনত চতিয়া বʼহাগী মেলা আৰম্ভ হোৱাৰ পিছত মাধুৰী আঁহতৰ বিহুই পুনৰ প্ৰাণ পাই উঠিছিল। এই বিহুৰ ১৯৩২ ৰ পৰা ১৯৫০ লৈ উদযাপন কমিটীৰ গঠন হোৱা নাছিল, ১৯৫৬ ত কমিটী গঠন হৈছিল।

২০১৮ চনত এই বিহুৰ শতবৰ্ষ উদযাপন হৈছিল  বুৰঞ্জীবিদ নিত্যানন্দ গগৈয়ে মূল সভাৰ সভাপতিত্ব কৰিছিল। মাধুৰী আঁহতজোপা অঞ্চলবাসীৰ বাবে এক আস্থাৰ প্ৰতীক। মাধুৰী আঁহতৰ বিহুৰ পৰিকল্পিত প্ৰচাৰে বিহুৰ সময়ত পৰ্যটক বৃদ্ধিত সহায় কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *