মহাপুৰুষ শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰসাৰৰ বাবে সৃষ্টি কৰা “ভাওনা শিল্প” অসমীয়া সমাজৰ এক আপুৰুগীয়া সম্পদ। শোণিতপুৰ জিলাৰ জামুগুৰিহাট অঞ্চলক জনপ্ৰিয় কৰি তোলাত ঐতিহ্যময় পৰম্পৰা “বাৰেচহৰীয়া ভাওনা”ৰ বিশেষ অৱদান আছে। ১৭৯৭ খ্ৰীষ্টাব্দত বৃহত্তৰ জামুগুৰিহাট অঞ্চলৰ দক্ষিণ দিশত অৱস্থিত পাঞ্চিগাঁৱৰ ৰঘুদোলনী নামৰ ধাননি পথাৰত আৰম্ভ হোৱা এই পৰম্পৰা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আগমণ ঘটা পৰ্যটকসকলৰ এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এই পৰম্পৰাই স্থানীয় ৰাইজক একত্ৰিত কৰি ৰখাত মুখ্য ভূমিকা পালন কৰি আহিছে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৰ্বসাধাৰণ ৰাইজক নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিবলৈ মহাভাৰত, ৰামায়ণ তথা পুৰাণৰ সাৰগৰ্ভ কথাৰ নাটকীয় তথা এক কলাত্মক উপস্থাপন কৰিছিল; যিবোৰক ভাওনা বুলি কোৱা হয়। প্ৰথম আধ্যাত্মিক চেতনা জাগৃত কৰিবলৈ ভাওনাসমূহ প্ৰদৰ্শিত হৈছিল যদিও সময় বাগৰাৰ লগে-লগে এই ভাওনাসমূহ সমাজত সাংস্কৃতিক সমন্বয় সৃষ্টিৰ এক মাধ্যম হৈ পৰে।
এই বাৰেচহৰীয়া ভাওনাত বেছিভাগেই শ্ৰীৰাম আৰু শ্ৰীকৃষ্ণৰ মহিমা বৰ্ণনা কৰা হয়। এই ভাওনাৰ উপস্থাপন অতি মনোমোহা। সূত্ৰধাৰ, গায়ন বায়ন ইত্যাদিৰে সমগ্ৰ অনুষ্ঠানটোৱে দৰ্শকৰ হৃদয়ত গভীৰভাৱে সাঁচ পেলায়।
প্ৰতিবছৰে ২০/২১ টা গাঁৱৰ দলে এই ভাওনাত অংশগ্ৰহণ কৰে আৰু তেওঁলোকক খোল বুলি কোৱা হয়। প্ৰতিটো খোলৰ বাবে এটা চালিৰ তলত সুকীয়াকৈ নামঘৰ থাকে, যিটো বাঁহ আৰু খেৰৰ দৰে স্থানীয়ভাৱে উপলব্ধ সামগ্ৰীৰে পদুমৰ আকৃতিত নিৰ্মাণ কৰা হয়। সকলো নামঘৰ এটা এটাকৈ বৃত্তৰ দৰে সংযুক্ত কৰা হয় য’ত সাধাৰণ বেদী (থাপনা) ৰখা হয়।
জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা যদিও ৰঘুদলনীত আৰম্ভ হৈছিল, পৰৱৰ্তী সময়ত পোকামুৰা পথাৰ (৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ধাননি পথাৰ) লৈ ভাওনা আয়োজনৰ স্থান সলনি কৰা হয়। এই ভাওনা ২০১৩ ৰ পৰা ফাগুন মাহৰ পুৰ্ণিমাত আয়োজিত হৈ আহিছে। পূৰ্বে উক্ত আয়োজন বʼহাগ বিহুৰ পূৰ্বে পুৰ্ণিমা তিথিত অনুষ্ঠিত হৈছিল। বাৰেচহৰীয়া ভাওনাই আজিৰ ৰূপ পোৱাৰ ক্ষেত্ৰত শোণিত নেৱাৰ আৰু গজেন বৰুৱাই উল্লেখনীয় বৰঙণি আগবঢ়াইছিল।
বাৰেচহৰীয়া ভাওনাৰ আখৰাৰ বাবে নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰিবলৈ যত্নপৰ হʼব লাগিব। এই ভাওনাৰ প্ৰসাৰে জামুগুৰিহাটলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰি অঞ্চলবাসীৰ বাবে নতুন-নতুন উপাৰ্জনৰ পথ সৃষ্টি কৰি উন্নয়ন বাটেৰে আগুৱাই নিয়াত সহায়ক হʼব।
