পৰিভ্ৰমী পক্ষীৰ কলৰৱত প্ৰাণোচ্ছল জামুগুৰিৰ মণ্ট পুখুৰী

অসমৰ প্ৰাকৃতিক সৌন্দৰ্য পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। প্ৰাকৃতিক পৰিৱেশত অৱসৰ বিনোদনৰ ইচ্ছাৰে প্ৰতি বছৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যটকে অসম ভ্ৰমণৰ পৰিকল্পনা কৰে।

বিশ্বনাথ জিলাৰ জামুগুৰিহাটক গ্ৰাম্য পৰ্যটনৰ কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ প্ৰচুৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ ঐতিহাসিক মন্ট পুখুৰীলৈ অহা হাজাৰ-হাজাৰ পৰিভ্ৰমী চৰাইৰ জাকে পৰ্যটকসকলৰ মনত এক সুকীয়া আনন্দ সৃষ্টি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

প্ৰতি বছৰে নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত এই পৰিভ্ৰমী পক্ষীবোৰ মণ্ট পুখুৰীলৈ আহে আৰু ফেব্ৰুৱাৰী মাহৰ শেষলৈকে চৰাইবোৰ পুনৰ এক অচিনাকি ঠাইলৈ উৰা মাৰে। মণ্ট পুখুৰীৰ শান্ত পানীত চৰাইবোৰে উষ্ণ জলবায়ুলৈ দীঘলীয়া যাত্ৰা অব্যাহত ৰখাৰ আগতে খাদ্যৰ সন্ধান আৰু জিৰণি গ্ৰহণ কৰে। বৰভগীয়া গাঁৱৰ মণ্ট পুখুৰীলৈ পৰিভ্ৰমী চৰাইৰ আগমনে পৰিৱেশতো ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰে।এই চৰাইবোৰে মহাদেশৰ মাজেৰে ভ্ৰমণ কৰাৰ লগে-লগে ইহঁতে কীট-পতংগৰ জনসংখ্যা নিয়ন্ত্ৰণ আৰু বীজ বিয়পাই দিয়াত সহায়ক হোৱাৰ লগতে স্থানীয় উদ্ভিদৰ পুনৰ উৎপাদনত অৰিহণা যোগায়।

জামুগুৰিহাটৰ স্থানীয় ৰাইজে এই চৰাইবোৰৰ সুৰক্ষাৰ বাবে সতৰ্কতা অৱলম্বন কৰি আহিলেও; এই ক্ষেত্ৰত চৰকাৰৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *